Header Ads Widget

Mukhyamantri Atmanirbhar Asom Abhijan 3.0 | Required Documents and How to Apply Online











মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম আঁচনি 3.0 লৈ আহিল নতুন সুখবৰ! 🔥
অসমৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে পুনৰ এটা ডাঙৰ সুযোগ আহিবলৈ গৈ আছে। মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম আঁচনি 3.0 শীঘ্ৰেই আৰম্ভ হ’ব পাৰে বুলি চৰকাৰী স্তৰত আলোচনা চলি আছে। এই আঁচনিৰ জৰিয়তে বহু যুৱক-যুৱতীয়ে নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব।

এই আঁচনিৰ মূল লক্ষ্য কি

 ৰাজ্যৰ নিবনুৱা যুৱ সমাজক আত্মনিৰ্ভৰশীল কৰি তোলা আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ ক্ষেত্ৰত আৰ্থিক সহায় আগবঢ়োৱা। যিসকল ব্যক্তিয়ে নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেওঁলোকৰ বাবে এই আঁচনি বিশেষ উপকাৰী হ’ব পাৰে।
আঁচনিখনৰ সম্ভাৱ্য সুবিধাসমূহ 👇

✅ ২ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত আৰ্থিক সহায়
✅ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ
✅ সহজ কিস্তিত ঋণ পৰিশোধ সুবিধা
✅ চৰকাৰৰ বিশেষ সহায় আৰু পথপ্ৰদৰ্শন

বিশেষকৈ বহু ক্ষেত্ৰত চৰকাৰে ঋণৰ এটা অংশ ৰেহাই দিয়াৰ সুবিধাও আগবঢ়ায় বুলি জানিব পৰা গৈছে। ফলত ব্যৱসায় আৰম্ভ কৰা যুৱক-যুৱতীসকলৰ ওপৰত আৰ্থিক চাপ বহু পৰিমাণে কমি যায়।
আবেদনৰ বাবে লাগিব পৰা প্ৰয়োজনীয় নথিপত্ৰ 📄
* Employment Exchange Card
* Aadhaar Card
* PAN Card
* Bank Account Details
* Passport Size Photo
* Project Report
আবেদন কৰাৰ পূৰ্বে সকলো নথিপত্ৰ আপডেট কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয়।

Important Document
 
Employment Exchange Card খুবেই গুৰুত্বপূৰ্ণ ⚠️
যিসকল আবেদনকাৰীৰ Employment Exchange Card expire হৈ আছে, তেওঁলোকে অতি সোনকালে Renew কৰি লোৱাটো উচিত। Active card নাথাকিলে আবেদন প্ৰক্ৰিয়াত অসুবিধা হ’ব পাৰে।
আবেদন কেতিয়াৰ পৰা আৰম্ভ হ’ব? 📢

 Employment Exchange Card expire



চৰকাৰী তথ্য অনুসৰি নিৰ্বাচনৰ পিছত পুনৰ এই আঁচনি আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। জুন অথবা জুলাই মাহৰ ভিতৰত Online Apply আৰম্ভ হ’ব পাৰে বুলি বহুতে অনুমান কৰিছে। যদিও চৰকাৰৰ পৰা এতিয়াও আনুষ্ঠানিক notification প্ৰকাশ হোৱা নাই।
শেষত 👇
যিসকল যুৱক-যুৱতীয়ে নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেওঁলোকৰ বাবে এই আঁচনি এটা ডাঙৰ সুযোগ হ’ব পাৰে। সেয়ে আগতেই নিজৰ সকলো documents প্রস্তুত কৰি ৰাখক।
এই গুৰুত্বপূৰ্ণ তথ্যটো নিজৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লগতো share কৰক যাতে সকলো উপকৃত হয়।

Post a Comment

0 Comments